অৱশেষত বেয়া খবৰটো আহিল। ।বিফল হল হাজাৰ হাজাৰ লোকৰ দোৱা প্ৰাৰ্থনা। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ।

0 minutes, 0 seconds Read

    অৱশেষত বেয়া খবৰটো আহিল। ।বিফল হল হাজাৰ হাজাৰ লোকৰ দোৱা প্ৰাৰ্থনা। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ গল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ।  ৰাইচিৰ সৈতে এই দুৰ্ঘটনাত ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানসহ আন ৮ জন লোকে প্ৰাণ হেৰুৱায়। ইৰাণ চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হেলিকপ্টাৰেৰে সুদূৰ উত্তৰ অংশৰ পূব আজাৰবাইজান প্ৰদেশলৈ গৈ আছিল। বেয়া বতৰৰ বাবে হঠাৎ হেলিকপ্টাৰখনৰ সৈতে যোগাযোগ বিছিন্ন হৈ যায়। ইয়াৰ পিছতেই সন্ধানহীন হৈ পৰে ৰাষ্ট্ৰপতি থকা হেলিকপ্টাৰখন। ইয়াৰ পিছতে যুদ্ধংদেহী তৎপৰতাৰে চলিছিল উদ্ধাৰ অভিযান। অৱশেষত ১৭ ঘণ্টাৰ অভিযানৰ শেষত দুৰ্ঘটনা সংঘটিত হোৱা দুৰ্গম স্থানত উপস্থিত হৈ হেলিকপ্টাৰখনৰ ধ্বংসাৱেশ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ দেখি এজনো যাত্ৰী জীয়াই থকা নাই বুলি নিশ্চিত কৰিছে ইৰাণৰ প্ৰশাসনে।

উল্লেখ্য যে ৬৩ বছৰীয়া ইব্ৰাহিম ৰাইছিয়ে শনিবাৰে আজাৰবাইজান ভ্ৰমণলৈ গৈছিল। তাত তেওঁ আজাৰবাইজানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে এটা বান্ধ উদ্বোধন কৰে। চুবুৰীয়া ৰাষ্ট্ৰ আজাৰবাইজানৰ সৈতে ইৰাণৰ সম্পৰ্ক ভাল নহয়। ইজৰাইলৰ সৈতে আজাৰবাইজানৰ দ্বিপাক্ষিক সম্পৰ্ক চলি আছে। ইয়াৰ পিছতে উত্তৰ ইৰাণ ভ্ৰমণ সম্পূৰ্ণ কৰি ৰাজধানী তেহৰাণলৈ উভতি আহিছিল ৰাষ্ট্ৰপতিগৰাকী। কিন্তু তাৰ মাজতে ঘটিল অঘটনটো। প্ৰায় ৬০০ কিলোমিটাৰ দূৰৈত আজাৰবাইজানৰ সীমান্তৰ জোল্ফাৰ সমীপত দুৰ্ঘটনাত পতিত হয় তেওঁৰ হেলিকপ্টাৰখন।
প্ৰকাশিত খবৰ অনুসৰি এখন নহয়, ৰাইছিয়ে পূব আজাৰবাইজানৰ পৰা উভতি আহিছিল প্ৰকৃততে তিনিখন হেলিকপ্টাৰৰ কনভয়ত। ইয়াৰে দুখন হেলিকপ্টাৰ সুকলমে উভতি আহে। আৰ্মেনিয়া আৰু আজাৰবাইজানৰ সীমান্তৱৰ্তী এই অঞ্চলটো অত্যন্ত ঠেক আৰু পাহাৰীয়া। তাৰ উপৰি কিছুদিন ধৰি বতৰ বেয়া আছিল। ইয়াৰ কাষৰীয়া চহৰখন ইৰাণৰ অন্যতম চহকী ঐতিহাসিক আৰু সাংস্কৃতিক কেন্দ্ৰ পূব আজাৰবাইজানৰ ৰাজধানী টাব্ৰিজ। উভতি অহাৰ পথত পাহাৰীয়া অঞ্চলৰ মাজেৰে উৰি যাওঁতে ঘন কুঁৱলী আৰু বৰষুণত নিয়ন্ত্ৰণ হেৰুৱালে হেলিকপ্টাৰৰ পাইলটে। দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে জ্বলি ছাঁই হল ৰাষ্ট্ৰপতি থকা হেলিকপ্টাৰখন। ইৰাণৰ সংবাদমাধ্যমৰ মতে, বেয়া বতৰৰ বাবে সংঘটিত হল এই দুৰ্ভাগ্যজনক ঘটনাটো। তেহৰান টাইমছৰ মতে, ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাত পতিত হয় বিমানখন। ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ পিছতেই শোকত ডুব গৈছে সমগ্ৰ ইৰাণ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search