দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেতা ভূপেন বৰ্মন ৷
ৰাইজৰ ওচৰত সহায় ভিক্ষা ভ্ৰাম্যমানৰ শিল্পী গোলাপী বৰ্মনৰ ৷
জীৱনৰ অধিকাংশতকৈ অধিক সময় ধৰি দৰ্শক-ৰাইজক অভিনয়ৰ যোগেদি মনোৰঞ্জন দি অহা এগৰাকী শিল্পীয়ে কন্টকময় জীৱন অতিবাহিত কৰিছে ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা গাঁৱৰ প্ৰবীণ অভিনেতা ভূপেন বৰ্মনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে ৷ বিগত চাৰিটা দশক ভ্ৰাম্যমান থিয়েটাৰ তথা যাত্ৰাপাৰ্টীত বলিষ্ঠ অভিনয় কৰি দৰ্শক-ৰাইজৰ সমাদৰ লাভ কৰি অহা ভূপেন বৰ্মন আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত ৷ এবছৰ পূৰ্বৰ পৰা অসুস্থ হৈ থকা অভিনেতাগৰাকীয়ে চৰকাৰী-বেচৰকাৰী বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত বিগত তিনিমাহ পূৰ্বে অভিনেতাজনৰ দেহত ধৰা পৰে কৰ্কট ৰোগ ৷ যোৱা এমাহ পূৰ্বে তেওঁৰ এটি অস্ত্ৰোপ্ৰচাৰ সুকলমে সম্পন্ন হয় যদিও পুনৰ এটি অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব অভিনেতাজনৰ ৷ আয়ুস্মান কাৰ্ডৰ পৰাই পৰিয়ালটিয়ে আৰ্থিকভাৱে কিছু সকাহ পাইছিল যদিও চিকিৎসাৰ বাবদ দুৰ্ভগীয়া পৰিয়ালটিয়ে ইতিমধ্যেই পোহনীয়া গৰু-ছাগলী সা-সম্পত্তি বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে ৷ শেহতীয়াভাৱে অভিনেতাজনক সপ্তাহৰ মূৰে মূৰে চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলগীয়া হোৱাত আৰ্থিক সমস্যাত ভুগি বিপাঙত পৰিছে পৰিয়ালটোৱে ৷ প্ৰবীণ অভিনেতাগৰাকীয়ে এতিয়া অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ ঘৰতে জীৱন মৃত্যুৰে যুঁজ অতিবাহিত কৰিছে ৷ ভূপেন বৰ্মনে আশীৰ দশকৰ পৰা ভ্ৰাম্যমান জগতত খোজ পেলাই ইন্দ্ৰাণী থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, বীণাপাণি থিয়েটাৰ, প্ৰাগজ্যোতিষ থিয়েটাৰ, ভাস্কৰ থিয়েটাৰ, অপচৰা থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ আদিত দুৰ্দান্ত অভিনয় কৰি থিয়েটাৰ প্ৰেক্ষাগৃহৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ৷ তদুপৰি তেওঁ দৌলাশালৰ দেৱৰাজ নাট্য পৰিষদ আৰু ভাস্কৰ নাট্য পৰিষদ, জাগৰণ মিনি থিয়েটাৰ, কৃষ্ণজ্যোতি মিনি থিয়েটাৰ, পাপৰি মিনি থিয়েটাৰ,নৱৰূপা মিনি থিয়েটাৰ আদিতো দুৰ্দান্ত অভিনয় কৰিছিল ৷ একালৰ ভ্ৰাম্যমানৰ প্ৰবীণ অভিনেতা ৰেব বৰা, কেশৱ ৰাজবংশী, পদ্ম বৰা, ধীৰু গোস্বামী, কামিনী গোস্বামী, প্ৰদীপ বৰগোঁসাইৰ স’তে অভিনয় কৰি যথেষ্ট সমাদৰ বুটলিছিল বৰক্ষেত্ৰীৰ এইগৰাকী ভূপেন বৰ্মনে ৷ অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত এইগৰাকী অভিনেতাক সুস্থ কৰি তুলিবলৈ ভ্ৰাম্যমানৰ কণ্ঠশিল্পী তথা তেওঁৰ পত্নী গোলাপী বৰ্মনে ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সহায় ৷ আৱাহন, কহিনুৰ, ৰাজশ্ৰী ইত্যাদি থিয়েটাৰত মঞ্চজগতৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া, যতীন বৰা, আঙুৰলতা ডেকাৰ স’তে অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমান থিয়েটাৰত সংগীত পৰিৱেশন কৰা গোলাপী বৰ্মনে শিল্পীসকলৰ পৰাও বিচাৰিছে আৰ্থিক সহায় ৷ যদিহে কোনো সদাশয় ব্যক্তিয়ে অভিনেতাজনলৈ আৰ্থিক সহায় আগবঢ়াব বিচাৰে তেন্তে পত্নী গোলাপী বৰ্মনৰ অসম গ্ৰামীণ বিকাশ বেংক, ৰামপুৰ শাখাত থকা 7093026003690 একাউন্ট নম্বৰত আই.এফ.চি PUNB0RRBAGB অথবা পুত্ৰ দ্বীপেন বৰ্মনৰ 9365092676 গুগুল পে’ নম্বৰত ধন জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে ৷ বিগত চাৰি দহকে থিয়েটাৰৰ দৰ্শক ৰাইজক আমোদ দিয়া অভিনেতাজনৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰাও সহায় ভিক্ষা মাগিছে শিল্পীপত্নী গোলাপী বৰ্মনে ৷
মুকালমুৱাৰ পৰা সুৰজিৎ পাঠক