কেঞ্চাৰৰ বিৰুদ্ধে যুঁজ! শুৱালকুছিৰ কবি কৃষ্ণ টেলি মেডিচিন কেয়াৰৰ কাৰ্যসূচীক ভিন্ন জনৰ প্ৰশংসা

0 minutes, 0 seconds Read

গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যাল খেল পথাৰত অনুষ্ঠিত তিনিদিনীয়া ৰঙালী মহোৎসৱত শুৱালকুছিৰ কবি কৃষ্ণ টেলি মেডিচিন কেয়াৰে অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। মূলত কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগী সকলৰ কল্যাণৰ বাবে গঠন কৰা এই অনুষ্ঠানটোয়ে কেঞ্চাৰত আক্ৰান্ত ৰোগী সকলৰ দ্বাৰা মুগা বস্ত্ৰ উৎপাদন কৰাই বজাৰত বিক্ৰী কৰা আৰু মুগা লেটাৰ পৰা সূতা বোৱা কাৰ্য সমাপন কৰে । কবি কৃষ্ণৰ এনে মহানুভৱতা দেখি হাজাৰ হাজাৰ দৰ্শনাৰ্থী আপ্লুত হৈ পৰে । কেঞ্চাৰ বিশেষজ্ঞ আমেৰিকা নিবাসী শুৱালকুছিৰ কৃতি সন্তান ডঃ বিকুল দাসৰ নেতৃত্বত গঠন হোৱা এই স্বেচ্ছাসেৱী অনুষ্ঠানটো সম্প্রতি পৰিচালনা কৰি আছে মল্লিকা দাস মৰলে । ৰঙালী মহোৎসৱত স্থাপন কৰা বিপনি তথা প্ৰদৰ্শনী গৃহত অসমৰ ৰাজ্যপালকে ধৰি একাধিক মন্ত্ৰী বিধায়ক সাংসদ তথা বিশিষ্ট শিল্পী উপস্থিত হৈ এনে সেৱা কাৰ্যক প্ৰশংসা কৰে । বহু দৰ্শনাৰ্থীয়ে বিশুদ্ধ মুগা সূতাৰ উৎপাদন প্ৰক্ৰিয়া আৰু মুগা সূতাৰ বস্ত্ৰ দেখি মুগ্ধ হৈ পৰে । মুগা লেটাৰ পৰা বিশুদ্ধ সূতা উৎপাদন কৰা কাৰ্যত জড়িত মহিলা সকলৰ দক্ষতা দেখি বহু দৰ্শনাৰ্থী আপ্লুত হৈ পৰে । কবি কৃষ্ণ টেলি মেডিচিন কেয়াৰৰ এনে অগতানুগতিক প্ৰদৰ্শনী দেখি পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া , বোলছবি নিৰ্মাতা কেনি বসুমটাৰী, নাট্য শিল্পী অনুপ বৰঠাকুৰিয়াই অনুষ্ঠানটোত জড়িত প্ৰতিগৰাকী কৰ্মীক অভিনন্দন জ্ঞাপন কৰে । ইয়াৰোপৰি প্ৰাক্তন সাংসদ ৰামেশ্বৰ টেলি, মন্ত্ৰী বিমল বৰা, অসম চৰকাৰৰ মুখ্যসচিবকে ধৰি বিশ্ব বিদ্যালয় আৰু একাধিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কবি কৃষ্ণৰ প্ৰদৰ্শনী কেন্দ্ৰত ভিৰ কৰা দেখা যায় ।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
NEWS
Search