সাৱধান । মৃত্যু এনেকৈও আহিব পাৰে । মোবাইল ফোনটোৱে হৈ পৰিব পাৰে আপোনাৰ বাবে মৃত্যুদূত । এই মোবাইলৰ কাৰণেই মৃত্যু হল এজন জোৱান । মোবাইলৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ এই যোৱান জনে ।
বৃহস্পতিবাৰে নিশা সংঘটিত এই কৰুণ দুৰ্ঘটনাটোত মৃত্যুক আঁকোৱালি লোৱা জোৱানজনক কামাণ্ডো অমৰজোতি টাইড বুলি চিনাক্ত কৰা হৈছে।
নিশা মোবাইল চার্জত লগাই কথা পাতি থাকোতেই বৃহৎ শব্দ কৰি বিস্ফোৰণ হয় মোবাইলটো আৰু লগে লগে মৃত্যু ঘটে অমৰজ্যোতিৰ।
হাইলাকান্দিত কৰ্মৰত কামাণ্ডো অমৰজ্যোতিয়ে মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত যোগদান কৰিছিল।
নিহত অমৰজ্যোতিৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌ লাইবিলত বুলি জানিব পৰা গৈছে। লাইবিলৰ বাসিন্দা স্বৰ্গীয় পুষ্প টাইড আৰু নাতেৰ টাইডৰ সন্তান অমৰজ্যোতি টাইড।
অতি সৰবৰহী যুৱকৰূপে পৰিচত অমৰজ্যোতিৰ অঁকাল মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলবাসীৰ মাজত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।