ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰক এই পদত নিযুক্তি দিব তাক লৈ চলিছে ক্ৰিকেট জগতত চলিছে ব্যাপক চৰ্চা। সংবাদ মাধ্যমত সঘনাই অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং, নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিংছৰ নাম আলোচনা হৈ থকাৰ সমান্তৰালকৈ এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দৌৰত নাম আহিছে গৌতম গম্ভীৰৰ।
দেশৰ এখন আগশাৰীৰ দৈনিক বাতৰি কাকতৰ মতে, গৌতম গম্ভীৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ ইচ্ছা প্ৰকাশ কৰিছে যদিও ইয়াৰ বাবে তেওঁ বিচিচিআইৰ চৰ্ত বান্ধি দিছে। গম্ভীৰৰ চৰ্ত হল গম্ভীৰে প্ৰশিক্ষক পদৰ বাবে আবেদন দাখিল কৰিব যেতিয়া বিচিচিআইয়ে তেওঁক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব। বি চি চি আইয়েও গম্ভীৰক প্ৰশিক্ষক হিচাপে নিযুক্ত দিবলৈ আগ্ৰহী বুলি জানিব পৰা গৈছে। প্ৰতিবেদনত দাবী কৰা অনুসৰি, চেন্নাইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ ফাইনেলৰ দিনটোতে বি চি চি আইয়ে গম্ভীৰৰ সৈতে প্ৰশিক্ষক সন্দৰ্ভত আলোচনাত কৰিব।
বিচিচিআইয়ে প্ৰশিক্ষকৰ বাবে আবেদন কৰাৰ সময়সীমা ২৮ মে’ নিৰ্ধাৰণ কৰিছে।